Saturday, July 4, 2020

Featuring চিন্ময় ভৰালী from Nalbari||Poetry on Mother

মা

 By-চিন্ময় ভৰালী

'মা' বুলি ক'লে
ই কেৱল এটা শব্দ মাথোন
কিন্তু এই সৰু শব্দ এটাৰ
মাজতে লুকাই আছে বহুতো 
দুখ-কষ্ট,মৰম-চেনেহ
আৰু ক'ত যে কি?
যিজনী মহিলাই ভোক-পিয়াহ,
নিদ্ৰা পাহৰি কেৱল মাথো
কষ্ট কৰিছে,
কৰিছে কেৱল মাথো তোমাৰ বাবে
সেইজনী মহিলাই হৈছে
তোমাৰ 'মা' ৷
যি জনী মায়ে ক'ত বাধা-ধুমুহা
নেওচি  তোমাক ডাঙৰ কৰিছে
সেই মা জনীকে 
আজি তুমি এৰি গুচি গ'লা
কোনোবা দূৰ বিদেশলৈ
কিয়?
কিয় বাৰু আজি তেওঁক অকলশৰীয়া
কৰি গ'লা? 
এবাৰো নাভাবিলানে তেওঁৰ সেই
অলেখ কষ্টৰ কথা
ইমান নিষ্ঠুৰ নে তুমি?
কিন্তু কি জানা আজিও তোমাৰ
অপেক্ষাত থকা 
সেই মা জনীয়ে সোধে
"মোৰ বাবা ভালে আছেনে?"
আৰু কয়
"ভগৱানে তাৰ মঙ্গল কৰক"

Share This

A Premier Website for Latest political, technological, sports news, and talents of Assam.

Related Posts

0 Post a Comment: